অৱশেষত অপেক্ষাৰ অন্ত! চন্দ্ৰ পৰা মাত্ৰ এখোজ দূৰত চন্দ্ৰযান–৩.....

ISRO

চন্দ্ৰৰ আৰু কাষ চাপিছে চন্দ্ৰযান–৩। ইতিহাসৰ সাক্ষী হ’বলৈ অধীৰ অগ্ৰহেৰে অপেক্ষা কৰিছে সমগ্ৰ ভাৰতবাসীয়ে। সমগ্ৰ বিশ্বৰ দৃষ্টি নিবদ্ধ হৈ আছে ভাৰতৰ মুন মিছন চন্দ্ৰযান–৩ৰ ওপৰত। চন্দ্ৰযান–৩ৰ সৈতে প্ৰেৰণ কৰা বিক্ৰম লেণ্ডাৰে সঠিকভাৱে চন্দ্ৰৰ দিশে আগবাঢ়িছে। সফল ডিবুষ্টিঙৰ পিছত শুকুৰবাৰে লেণ্ডাৰ মডিউল চন্দ্ৰৰ আৰু অধিক কাষ চাপিছে।

ISRO

ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ISRO)–এ কয় যে ‘লেণ্ডাৰৰ গতি হ্ৰাস কৰা হৈছে। এতিয়া ই চন্দ্ৰৰ দিশে লৈ যাবলগীয়া কক্ষপথৰ দিশে গতি লৈছে। এতিয়া সকলো স্বাভাৱিক। কিন্তু পৰৱৰ্তী কেইটামান ঘণ্টা খুবেই গুৰুত্বপূৰ্ণ। বিক্ৰম লেণ্ডাৰ আৰু প্ৰজ্ঞান ৰ’ভাৰে সংযুক্ত লেণ্ডাৰ মডিউল ২০ আগষ্টত দ্বিতীয় ‘ডিবুষ্টিং’ হ’ব। ইয়াৰ জৰিয়তে ইয়াক এটা কক্ষপথত স্থাপন কৰা হ’ব যিটোৱে চন্দ্ৰপৃষ্ঠৰ একেবাৰে কাষলৈ লৈ যাব।

ISRO

লগতে ISRO–এ টুইট কৰি জনাইছে যে লেণ্ডাৰ মডিউলৰ স্থিতি বৰ্তমান স্বাভাৱিক। লেণ্ডাৰ মডিউলে সফলভাৱে এক ডিবুষ্টিং প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিছে, যাৰ ফলত ইয়াৰ কক্ষপথ হ্ৰাস পাই 113kmX157km হৈছেগৈ। দ্বিতীয় ডিবুষ্টিং প্ৰক্ৰিয়া ২০ আগষ্ট, ২০২৩ত ভাৰতীয় সময় অনুসৰি নিশা ২ বজাত কৰা হ’ব। উল্লেখযোগ্য যে চন্দ্ৰযান–৩ৰ লেণ্ডাৰ মডিউল আৰু প্ৰপালচন মডিউল বৃহস্পতিবাৰে সফলভাৱে পৃথক হৈ পৰিছিল। ১৪ জুলাইত অন্ধ্ৰ প্ৰদেশৰ শ্ৰীহৰিকোটাস্থিত সতীশ ধৱন মহাকাশ কেন্দ্ৰৰ পৰা উৎক্ষেপণ কৰা চন্দ্ৰযান–৩ ৫ আগষ্টত চন্দ্ৰৰ কক্ষপথত প্ৰৱেশ কৰিছিল।

Category