মৰ্মান্তিকঃ পৰীক্ষাত বিফল হৈ পুত্ৰৰ আত্মহননৰ এদিনৰ পিছতে শোকদদ্ধ পিতৃৰো মৃত্যু!.....

Suicide

চিকিৎসা বিজ্ঞানৰ প্ৰৱেশ পৰীক্ষা (NEET)ত অনুতীৰ্ণ হোৱাৰ এজন ছাত্ৰই কালি অৰ্থাৎ ১৩ আগষ্ট দিনা নিজ বাসগৃহতে আত্মহত্যাৰ পথ বাছি লৈছিল। ছাত্ৰজনৰ মৃত্যুত শোকস্তব্ধ হৈ পৰিছিল পৰিয়ালটো। এই দুখৰ মাজতে আজি সেই একেটা বন্ধ কোঠাতে তেওঁৰ পিতৃৰো মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাই এতিয়া সমগ্ৰ অঞ্চলত শোকৰ ছাঁ পেলাইছে। এই শোকাৱহ ঘটনাটো সংঘটিত হৈছে চেন্নাই চহৰত।

আৰক্ষীয়ে জনোৱা অনুসৰি, পুত্ৰৰ মৃত্যত শোকস্তব্ধ হৈ পৰিছিল পিতৃ। পুত্ৰৰ মৃত্যুৰ শোক সহিব নোৱাৰি তেওঁ ও আত্মহননৰ পথ বাছি লয়। ডিঙিত চীপ লোৱাৰ অৱস্থাত লোকজনৰ মৃতদেহ উদ্ধাৰ কৰে আৰক্ষীয়ে।

উল্লেখ্য যে, মৃত ছাত্ৰজনৰ নাম জগদীশ্বৰন আৰু পিতৃৰ নাম চেলভাচেকাৰ বুলি জানিব পৰা গৈছে। জগদীশ্বৰনে উচ্চতৰ মাধ্যমিকত ৪২৭ নম্বৰ লাভ কৰিছিল। দুবছৰ ধৰি তেওঁ NEETৰ বাবে প্ৰস্তুতি চলায় আছিল, কিন্তু দ্বিতীয়বাৰৰ বাবেও তেওঁ NEETত সফল হ'ব নোৱাৰাত এই চৰম পন্থা বাছি লয়।  

খবৰ অনুসৰি, পিতৃ চেলভাচেকাৰে পুত্ৰক বাৰে বাৰে ফোন কৰিও নোপোৱাত ঘৰতে বিচাৰ খোচাৰ কৰাত এটা কোঠাৰ ভিতৰত পুত্ৰৰ মৃতদেহ উদ্ধাৰ কৰে। পুত্ৰৰ মৃত্যুক পিতৃয়ে সহজভাৱে মানি লব পৰা নাছিল। তাৰ পাছতে পুত্ৰৰ আত্মহননৰ পিছদিনা পুৱাৰ ভাগত তামিলনাডু আৰক্ষীয়ে পিতৃ চেলভাচেকাৰৰ মৃতদেহো ওলমি থকা অৱস্থাত উদ্ধাৰ কৰে।

পুত্ৰ আৰু পিতৃৰ এই আত্মহত্যাৰ ঘটনাই এতিয়া সমগ্ৰ দক্ষিণ ৰাজ্যত শোকৰ ছাঁ পেলাইছে।

Category
Profile picture for user UB Photos