প্রকাশ পালে সমষ্টি পুনৰ নিৰ্ধাৰণৰ চূড়ান্ত তালিকা! সলনি হ'ল ১৯টা বিধানসভা....

delimitation

ভাৰতীয় নিৰ্বাচন আয়োগে প্ৰকাশ কৰিলে সমষ্টি নিৰ্ধাৰণৰ চূড়ান্ত তালিকা। শুকুৰবাৰে নিৰ্বাচন আয়োগে প্রকাশ কৰা সমষ্টি নিৰ্ধাৰণৰ চূড়ান্ত তালিকাত সলনি হ’ল ১৯টা বিধানসভা সমষ্টিৰ লগতে ১টা লোকসভা সমষ্টিৰ নাম। নতুন তালিকা অনুসৰি বিধানসভাৰ আসন ১২৬খন আৰু লোকসভাৰ আসন পূৰ্বৰ দৰেই ১৪খনেই থাকিব। কিন্তু খচৰাত প্ৰকাশ কৰাৰ দৰে ইয়াৰে কিছু সমষ্টিৰ নাম সলনি কৰা হৈছে।

কোন সমষ্টিৰ কি নাম?

দক্ষিণ শালমাৰা সমষ্টিৰ নাম হ’ল মানকাচৰ সমষ্টি
এটা লোকসভা সমষ্টিৰ নাম সলনি হ’ল, প্ৰস্তাৱিত দৰং লোকসভাৰ নাম সলনি হৈ দৰং-ওদালগুৰি হ’ল
মানকাচৰ সমষ্টিৰ নাম হ’ল বীৰ সিং জাৰোৱা
প্ৰস্তাৱিত মাণিকপুৰৰ নাম সলনি হৈ হ’ল সৃজনগ্ৰাম
ভৱানীপুৰৰ নাম সলনি হৈ হ’ল ভৱানীপুৰ-সৰভোগ
প্ৰস্তাৱিত ৰূপসীৰ নাম সলনি হৈ হ’ল পকাবেতবাৰী
বকোৰ নাম সলনি হৈ হ’ল বকো-ছয়গাঁও সমষ্টি
হাজোৰ নাম সলনি হৈ হ’ল হাজো-শুৱালকুছি
প্ৰস্তাৱিত গোৱৰ্ধনাৰ নাম সলনি হৈ হ’ল মানস
বটদ্ৰৱাৰ নাম সলনি হৈ হ’ল ধিং সমষ্টি
নগাঁৱৰ নাম সলনি হৈ হ’ল নগাঁও- বটদ্ৰৱা
চতিয়া সমষ্টিৰ নাম সলনি হৈ হ’ল নদুৱাৰ সমষ্টি
চাবুৱাৰ নাম সলনি হৈ হ’ল চাবুৱা-লাহোৱাল
মৰাণৰ নাম সলনি হৈ হ’ল খোৱাং সমষ্টি
ডিমা হাচাওৰ নাম সলনি হৈ হ’ল হাফলং সমষ্টি
আলগাপুৰৰ নাম সলনি হৈ হ’ল আলগাপুৰ-কাটলিচেৰা
বদৰপুৰৰ নাম সলনি হৈ হ’ল উত্তৰ কৰিমগঞ্জ
উত্তৰ কৰিমগঞ্জৰ নাম সলনি হৈ হ’ল দক্ষিণ কৰিমগঞ্জ
দক্ষিণ কৰিমগঞ্জৰ নাম হ’ল পাথাৰকান্দি সমষ্টি
ৰাতাবাৰী সমষ্টিৰ নাম সলনি হৈ হ’ল ৰামকৃষ্ণ নগৰ

delimitation

উল্লেখ্য, ভাৰতীয় নিৰ্বাচন আয়োগে জনপ্ৰতিনিধিত্ব আইন, ১৯৫০ৰ ধাৰা ৮-ত উল্লেখ কৰা অনুসৰি, অসমৰ বাবে বিধানসভা আৰু সংসদীয় সমষ্টিসমূহৰ পুনৰ নিৰ্ধাৰণৰ চূড়ান্ত তালিকা প্ৰকাশ কৰে।

Category