আচৰিত কিন্তু বাস্তৱ!এখিলা 'শুকান পাত' যিয়ে আচৰিত কৰিছে সকলোকে; কিন্তু কিয়?....

DRY LEAF

কিছুদিন পূৰ্বে ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এখিলা 'শুকান পাত' । শুকান পাতখিলাক লৈ কৌতুহল সকলোৰে মাজত, আচলতে শুকান পাতখিলাৰ আঁৰত লুকাই আছে কি? 

DRY LEAF

বহুসময়ত আমি  ছচিয়েল মিডিয়াত ভাইৰেল হোৱা এই ভিডিঅ’বা ফটোবোৰ চাই সুখী হও বা কেতিয়াবা বিভ্ৰান্তিত পৰো। শেহতীয়াকৈ ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এটা ভিডিঅ'।

ভিডিঅ’টোত এখিলা শুকান পাতদেখা গৈছে, কিন্তু যদি আপুনি ভালদৰে চাই তেন্তে এই পাতখিলাৰ সত্যতা আন কিবাহে দেখিব। আৰম্ভণিতে এই ভিডিঅ’টো চালে এনেকুৱা লাগিব যে এইখিলা এখিলা পাত, কিন্তু ইয়াৰ সত্যতা বেলেগহে। 

DRY LEAF

শুকান পাত সদৃশ এইখিলা এখিলা পাত নহয়, এইটো এটা পখিলা। যিয়ে নিজৰ সৌন্দৰ্যৰে সকলোকে নিজৰ মোহত পেলাইছে। এই ভিডিঅ’টো ছচিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পিছতে বিভিন্নজনে বিভিন্নধৰণৰ মন্তব্য প্ৰদান কৰিছে। কিছুমানে কৈছে যে এনেকুৱা ভিডিঅ’ জীৱনত এতিয়ালৈ দেখা নাই।
 

Category
Profile picture for user UB Photos