চামগুৰিৰ ভেলেউগুৰি দক্ষিণ পাটত ভয়ংকৰ পথ দুৰ্ঘটনা।
দুখন বাহনৰ মাজত খুন্দা। ফলত বাহন দুয়োখনৰ যথেষ্ট ক্ষতিসাধন হয়। বাহন দুখনৰ সন্মুখভাগ ভাঙি চূৰমাৰ হৈ যায়।দুৰ্ঘটনা সংঘটিত হোৱাৰ লগে লগে স্থানীয় ৰাইজ ঘটনাস্থলীত উপস্থিত হয়। দুৰ্ঘটনাৰ পিছত পথটোত কিছু সময়ৰ বাবে যান-জঁটৰ সৃষ্টি হয়। খবৰ পাই আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে আৰু দুৰ্ঘটনাগ্ৰস্ত বাহন দুখন আঁতৰাই যান-বাহন চলাচল স্বাভাৱিক কৰে।দুৰ্ঘটনাৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই।
- Read more about চামগুৰিত ভয়ংকৰ পথ দুৰ্ঘটনা
- Log in to post comments