Sun mission

ভাৰতৰ চন্দ্ৰ বিজয়ৰ পিচত ২ ছেপ্তেম্বৰ অৰ্থাৎ আজি দিনৰ ১১ বাজি ৫০ মিনিটত সফলতাৰে উৎক্ষেপণ কৰা হ'ল আদিত্য এল-১ মহাকাশযান। ১৪০ কোটি ভাৰতীয়ৰ সপোন কঢ়িয়াই শ্ৰীহৰিকোটাৰ সতীশ ধাৱান মহাকাশ ক্ষেত্ৰ পৰা সূৰ্যলৈ বুলি উৰা মাৰিলে আদিত্য এল-১ নামৰ মহাকাশযানখনে।

উল্লেখযোগ্য যে, ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ এয়া প্ৰথম সূৰ্য অভিযান। আদিত্য এল-১ প্ৰকৃততে এখন সূৰ্য পৰ্য্যবেক্ষণকাৰী যান। এই মহাকাশযানখনে পৃথিৱীৰ পৰা সূৰ্য অভিমুখে ১.৫ নিযুত কিলোমিটাৰ দূৰত্বলৈ যাত্ৰা কৰিব। ই সূৰ্য আৰু পৃথিৱীৰ যি এল-১ নামৰ মধ্যকৰ্ষণ বিন্দু আছে সেই সম্পৰ্কে অধ্যয়ন কৰিব।