চন্দ্ৰৰ পিছত এইবাৰ সূৰ্য যাত্ৰালৈ সাজু ইছৰো! ছেপ্টেম্বৰত উৎক্ষেপণ কৰিব আদিত্য–L1........

SUN

চন্দ্ৰযান-৩ৰ সফল অৱতৰণৰ পাছতে দ্ৰুত প্ৰস্তুতিৰে সূৰ্য যাত্ৰালৈ সাজু হৈছে ইছৰো। ভাৰতৰ পৰৱৰ্তী মহাজাগতিক অনুসন্ধান হ'ল সূৰ্য। ইছৰোৰ ঘোষণা অনুসৰি ভাৰতৰ প্ৰথমটো সৌৰ অভিযানৰ বাবে ইতিমধ্যেই যাৱতীয় যো-জা চলাইছে। আৰু ভাৰতৰ এই প্ৰথমটো সৌৰ অভিযানৰ নাম আদিত্য–L1।

ISRO

 

ISRO

উল্লেখ্য যে, ২ ছেপ্টেম্বৰৰ পুৱা ১১.৫০ বজাত সূৰ্যৰ অধ্যয়ন কৰাৰ বাবে উৎক্ষেপণ কৰা হ’ব আদিত্য–L1। শ্ৰীহৰিকোটাৰ পৰা উৎক্ষেপণ কৰা হ’ব এই যান। এই তথ্য সদৰি কৰিছে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ISRO)ই।

 

ISRO

আনহাতে, আদিত্য–L1য়ে পৃথিৱীৰ পৰা প্ৰায় ১.৫ নিযুত কিলোমিটাৰ দূৰত্বত থকা সূৰ্য-পৃথিৱী লাগ্ৰেঞ্জ বিন্দু L1ক পৰ্যবেক্ষণ কৰিব। এই অভিযানৰ বাবে ৯০ দিনৰ সময় ল'ব আদিত্য–L1য়ে।

ISRO

উল্লেখযোগ্য যে, অষ্টাদশ শতিকাত প্ৰথমবাৰৰ বাবে অধ্যয়ন কৰা ফৰাচী গণিতজ্ঞ যোচেফ-লুই লাগ্ৰেঞ্জৰ নামেৰে নামাকৰণ কৰা লাগ্ৰেঞ্জ পইণ্ট হৈছে মহাকাশৰ বিন্দু, য'ত সূৰ্য আৰু পৃথিৱীৰ মাধ্যাকৰ্ষণ শক্তিয়ে ভাৰসাম্য বজাই ৰাখে। ইয়াৰ ফলত এক সন্তুলনিক অঞ্চল সৃষ্টি হয়, এই সন্তুলনকেই মহাকাশযানে ইন্ধনৰ ব্যৱহাৰ হ্ৰাস কৰিবলৈ ব্যৱহাৰ কৰিব বুলি ইছৰোৱে জানিবলৈ দিছে। 

ISRO

আনহাতে এই অভিযানত PSLV-C57 ৰকেট ব্যৱহাৰ কৰি উৎক্ষেপণ কৰা হ'ব আদিত্য–L1ক।

Category
Profile picture for user UB Photos