Job Vacancy

সম্পূৰ্ণ হ'ব ৮৮ হাজাৰ নিযুক্তি। আকৌ ওলাব ২২০০০ পদৰ বাবে চাকৰি। ঘোষণা কৰিলে মুখ্যমন্ত্ৰীয়ে হিমন্ত বিশ্ব শৰ্মাই। বিদ্যুৎ পৰিষদ, কৃষি বিভাগ, আৰক্ষী বিভাগ, স্বাস্থ্য বিভাগ, তৃতীয় বৰ্গ, চতুৰ্থ বৰ্গ আৰু শিক্ষা বিভাগত পুনৰ হ'ব
নিযুক্তি। লগতে মুখ্যমন্ত্ৰী গৰাকীয়ে ঘোষণা কৰে-'25 তাৰিখে ৩ বজাত খানাপাৰাৰ অনুষ্ঠানত উপস্থিত হ'ব গৃহমন্ত্ৰী। নিযুক্তি পোৱা প্ৰাৰ্থী সকল ২.৩০ বজাত পাব লাগিব। প্ৰাৰ্থী সকলে লগত নিজৰ পৰিচয় পত্ৰ আনিব লাগিব। ১ জুনৰ পৰা ১৫ জুনৰ ভিতৰত যোগদান কৰিব লাগিব প্ৰাৰ্থীসকলে। অন্যথা চাকৰি কৰিব নোৱাৰিব।'