Dimasa National Liberation Army

হিৰম্বাৰাজি ৰাজ্যৰ দাবীত গঠন হোৱা DNLA উগ্ৰপন্থী সংগঠনৰ দ্বিতীয়তো দলে আজি অস্ত্ৰসম্বৰন কৰে। উক্ত অস্ত্ৰ সম্বৰন উপলক্ষে কাৰ্বি আংলং আৰু নাগালেণ্ড সীমান্তৱৰ্তী ধনশিৰি অঞ্চলত এক আদৰণি অনুষ্ঠান অনুষ্ঠিত কৰা হয়। আদৰণি অনুষ্ঠানত ADGP হীৰেন নাথ, মধ্য অসমৰ DIG সত্যৰাজ হাজৰিকা, কাৰ্বি স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং আদি উপস্থিত থাকে।

উক্ত অনুষ্ঠানতে বনাঞ্চল এৰি মূলসুঁতিলৈ উভতি অহা ৬৭ গৰাকী DNLA উগ্ৰপন্থী সংগঠনৰ নেতা–কেডাৰে অস্ত্ৰ সম্বৰণ কৰে। অস্ত্ৰ সম্বৰণ কৰা নেতা–কেডাৰে ৯টা পিষ্টল, ২টা এ কে ছিৰিজৰ ৰাইফলসহ ২০টা মাৰণাস্ত্ৰ আৰু ৩৪১জাঁই গুলী জমা দিয়ে।