Double Your Money Scheme

মধ্যপ্ৰদেশৰ এহাল দম্পত্তিয়ে অনলাইন যোগে অসমৰ এটা গোটৰ সৈতে সংযুক্ত হৈছিল পইচা দুগুণ কৰাৰ অৰ্থে।

সেই অনুসৰি আজি বিয়লি ছয় মাইলৰ ৰহমান হাস্পাতালৰ সন্মুখত ধনৰ লেন দেন কৰিছিল দুয়োপক্ষই।

প্ৰথমে ৩ লাখ টকা দিয়াৰ কথা উল্লেখ কৰে মধ্যপ্ৰদেশৰ অভিযোগ কাৰীয়ে। ১০ লাখ টকাত ৪০ লাখ টকা কৰি দিয়াৰ প্ৰবঞ্চনাৰে জাল পাতিছিল প্ৰৱঞ্চক দলটোৱে।

ওপৰত ১০ হাজাৰ টকা দি বাকি মাজত কাগজ সোমোৱাই দিছিল অসমৰ প্ৰবঞ্চকৰ দলটোৱে। AS 01 JC 9939 নম্বৰৰ অবেৰ বাহনত চলিছিল ধনৰ লেন দেন।