ৰাজ্যত সক্ৰিয় অনলাইন প্ৰবঞ্চক চক্ৰ! পইছা দুগুণ কৰাৰ নামত চলিছে অনলাইন প্ৰবঞ্চনা

Crime

মধ্যপ্ৰদেশৰ এহাল দম্পত্তিয়ে অনলাইন যোগে অসমৰ এটা গোটৰ সৈতে সংযুক্ত হৈছিল পইচা দুগুণ কৰাৰ অৰ্থে।

সেই অনুসৰি আজি বিয়লি ছয় মাইলৰ ৰহমান হাস্পাতালৰ সন্মুখত ধনৰ লেন দেন কৰিছিল দুয়োপক্ষই।

প্ৰথমে ৩ লাখ টকা দিয়াৰ কথা উল্লেখ কৰে মধ্যপ্ৰদেশৰ অভিযোগ কাৰীয়ে। ১০ লাখ টকাত ৪০ লাখ টকা কৰি দিয়াৰ প্ৰবঞ্চনাৰে জাল পাতিছিল প্ৰৱঞ্চক দলটোৱে।

ওপৰত ১০ হাজাৰ টকা দি বাকি মাজত কাগজ সোমোৱাই দিছিল অসমৰ প্ৰবঞ্চকৰ দলটোৱে। AS 01 JC 9939 নম্বৰৰ অবেৰ বাহনত চলিছিল ধনৰ লেন দেন।

ইতিমধ্যে গাড়ীৰ নম্বৰ ট্ৰেক কৰি দিছপুৰ আৰক্ষীয়ে বাহনখন জব্দ কৰাৰ লগতে আটক কৰে গাড়ীখনৰ চালকসহ এজন ব্যক্তিৰ লগতে এগৰাকী মহিলা।

ঘটনা সন্দৰ্ভত মধ্য প্ৰদেশৰ বৃদ্ধ দম্পত্তিয়ে দিছপুৰ থানাত এজাহাৰ দাখিল কৰিছে। ইফালে সমগ্ৰ ঘটনা সন্দৰ্ভত বৃদ্ধ দম্পত্তিকো সোধ পোচ অব্যাহত ৰাখিছে আৰক্ষীয়ে।
 

Category
Profile picture for user UB Photos