CBSE 10th Result 2022

কেন্দ্ৰীয় মাধ্যমিক শিক্ষা ব’ৰ্ডে (CBSE) ঘোষণা কৰিলে দশম শ্ৰেণীৰ ফলাফল।

আজি পুৱা ঘোষণা কৰিছিল দ্বাদশ শ্ৰেণীৰ ফলাফলো। চিবিএছইৰ দশম শ্ৰেণীৰ ছাত্ৰ–ছাত্ৰীসকলে নিজৰ ফলাফল CBSEৰ অফিচিয়েল ৱেবছাইট cbse.nic.in আৰু results.cbse.gov.inত গৈ চাব পাৰিব।

উল্লেখযোগ্য যে এই বছৰ পৰীক্ষাত ২০,৯৩,৯৭৮ গৰাকী শিক্ষাৰ্থীয়ে অৱতীৰ্ণ হৈছিল। ১৯,৭৬,৬৬৮ গৰাকী শিক্ষাৰ্থী উত্তীৰ্ণ হৈছে এই পৰীক্ষাত। উত্তীৰ্ণৰ হাৰ ৯৪.৪০ শতাংশ।