Scooty Distribution

ঘোষণা হ’ল উচ্চতৰ মাধ্যমিকৰ ফলাফল। ফলাফল ঘোষণাৰ পাছতেই শিক্ষামন্ত্ৰীৰ সংবাদমেল। ছাত্ৰ-ছাত্ৰীক বাণিজ্য, বিজ্ঞান শাখাত পঢ়াৰ বাবে আহ্বান শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ।

উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল ঘোষণাৰ পিছতেই শিক্ষামন্ত্ৰীয়ে কৰে অন্য এক বিশেষ ঘোষণা। শিক্ষাৰ্থীক বিজ্ঞান আৰু বাণিজ্য শাখাত পঢ়াৰ আহ্বান ৰণোজ পেগুৰ। তেওঁ কয় যে, নিযুক্তিৰ ক্ষেত্ৰত সহায়ক হয় বাণিজ্য আৰু বিজ্ঞান শাখা। এই দুই শাখাত পঢ়িলে শিক্ষাৰ্থীসকলে নিযুক্তি পোৱাৰ ক্ষেত্ৰত সহায়ক হয় বুলি উল্লেখ শিক্ষামন্ত্ৰীৰ।