Assam Education Minister

চৰকাৰী নিযুক্তি পৰীক্ষা সন্দৰ্ভত অভিযোগ উত্থাপন কৰি গ্ৰেপ্তাৰ হোৱা শিক্ষক ভিক্টৰ দাসক আজি শিক্ষা বিভাগে নিলম্বন কৰে।

এই সন্দৰ্ভত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুক কৰা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে ভিক্টৰ দাসক অনুশাসন আইনৰ অধীনত নিলম্বন কৰা হৈছে। আৰক্ষীৰ জিম্মাত কোনো লোক ৪৮ ঘণ্টাতকৈ অধিক সময় থাকিলে নিলম্বিত হোৱাৰ নিয়ম অথবা আইন আছে৷ সেই নিয়মৰ অধীনতে নিলম্বন কৰা হৈছে ভিক্টৰ দাসক।