Green Chilli

কেঁচা জলকীয়া বহুতৰে প্ৰিয়। বহু লোকে খাদ্যৰ সৈতে পৃথকে কেঁচা জলকীয়া কামুৰি খোৱাৰো সুৱাদ লয় ।

কিন্তু আজি আমি আপোনাক কম কেঁচা জলকীয়াৰ উপকাৰিতাৰ বিষয়ে। কেঁচা জলকীয়াত যথেষ্ট পৰিমাণৰ আহাৰৰ আঁহ, থিয়ামিন, ৰিবোফ্লেভিন, নিয়াচিন, ফোলেট, আইৰণ, মেঙ্গানিজ আৰু ফছফৰাছ থাকে।

ইয়াৰ লগতে, আন বহুতো পুষ্টি যেনে ভিটামিন এ, চি, কে, বি৬, পটাছিয়াম, কপাৰ আৰু মেগনেছিয়াম আদি থাকে। এই সকলোবোৰ উপাদান আমাৰ শৰীৰৰ বাবে প্ৰয়োজনীয়।