ZEETV

দুৰ্দান্ত নৃত্য প্ৰদৰ্শনেৰে মাত্ৰ ৮ বছৰ বয়সতে ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিছে ধেমাজীৰ গোগামুখৰ কন্যা আপ্পুন পেগু।

ৰাষ্ট্ৰীয় টেলিভিশ্যন ZEETV ৰ ৰিয়েলিটী শ্ব’ Dance India Dance L’ill Mastersৰ Season 5ত নৃত্য প্ৰদৰ্শন কৰি বিচাৰকৰ মন জয় কৰাৰ লগতে আপ্পুনে টপ ১৫ত স্থান লাভ কৰিবলৈ সক্ষম হৈছে।

মাত্ৰ ৮ বছৰ বয়সতে ৰাষ্ট্ৰীয় টেলিভিশ্যনত অসমৰ নাম উজ্জ্বলাইছে অসমৰ আপ্পুন পেগুৱে। ৰাষ্ট্ৰীয় টেলিভিশ্যন জি টিভিৰ ৰিয়েলিটী শ্ব’ ডাঞ্চ ইণ্ডিয়া ডাঞ্চ লিটিল মাষ্টাৰ ত টপ ১৫ উত্তীৰ্ণ হৈছে আপ্পুন পেগু। গোগামুখ তাজিক গাঁৱত জন্মগ্ৰহণ কৰা আপ্পুন পেগুৱে আইতাকৰ গৃহ মহৰিকেম্প কচুতলীত ডাঙৰ দীঘল হৈছিল।