Couple Friendly

ভাড়াঘৰৰ মালিকক প্ৰহাৰ ভাড়াতীয়াৰ প্ৰেমিকৰ।

বেলতলাৰ বনবননি পথৰ হাউচ নং ৫ত সংঘটিত হয় এই ঘটনা।

প্ৰায় দুমাহ ধৰি ঘৰটোত ভাড়াতীয়া হিচাপে থকা দিবিয়া শৰ্মা নামৰ যুৱতী গৰাকীৰ প্ৰেমিকে প্ৰহাৰ কৰে ঘৰৰ মালিকক।

মহানগৰীৰ আগশাৰীৰ এখন শিক্ষানুষ্ঠানত অধ্যয়ৰত দিবিয়া শৰ্মা ৷

যুৱতী গৰাকীৰ সৈতে নিশা কটাব বিচৰাত মালিকে বাধা প্ৰদান কৰোতে অগ্নিশৰ্মা হৈ প্ৰহাৰ কৰে ৮০ বছৰীয়া বৃদ্ধ মালিক গৰাকীক।

তাৰ পাছতে বৃদ্ধ গৰাকীৰ বোৱাৰীয়ে বাধা প্ৰদান কৰা বাবে বোৱাৰী গৰাকীকো প্ৰহাৰ কৰে প্ৰেমিকজনে।

উল্লেখ্য় যে সমগ্ৰ দৃশ্য বন্দী হৈছিল চিচি টিভিত।