হিন্দু ধৰ্ম অনুসৰি পৰিক্ৰমা হ'ল ঘড়ীৰ কাঁটাৰ দিশত কোনো বস্তুৰ প্ৰদক্ষিণ কৰা এক অনুষ্ঠান। মূৰ্তি, মন্দিৰ, গছ-গছনি, নদী, পৰ্বত, ব্যক্তি আৰু অন্যান্য বস্তুৰ চাৰিওফালে পৰিক্ৰম কৰা হয়। লোক বিশ্বাস অনুসৰি হিন্দু ধৰ্মত মন্দিৰত পূজা কৰাৰ পিছত সমগ্ৰ মন্দিৰ বা কোনো বিশেষ মূৰ্তি বিশেষভাৱে প্ৰদক্ষিণ কৰা হয়।
