ৰেহ ৰূপ সলনি হব ডাকিনি পাহাৰস্থিত ঐতিহাসিক ভীমাশংকৰ দেৱালয়ৰ ।
কেন্দ্ৰীয় চৰকাৰৰ নগৰ বন আচনিৰ অধিনত মুকলি কৰি দিয়া হৈছে ৫ কোটি টকা। থাকিব ট্ৰেকিংৰ ব্যবস্থা, চাইকেল ট্ৰেকিং, থাকিব নক্ষত্ৰ বন, স্মৃতি উদ্যান, পৰ্যটকৰ বাবে থাকিব বিশেষ জিৰনি চৰা।
লগতে ৰোপন কৰা হব নতুন কৈ বহু বৃক্ষ। উল্লেখ্য় যে এই কথা সদৰি কৰিলে পূৱ কামৰূপ বন সংমণ্ডলৰ বন বিষয়া ৰোহিনী শইকীয়া, পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ন কলিতাই।
ৰাজ্যপাল জগদীশ মুখিৰ ব্যক্তিগত প্ৰচেষ্ঠাত সাজি উলিওৱা হৈছে ৱাটছ টাৱাৰ ভীমা শংকৰ মন্দিৰত।
অহা ৯ মাৰ্চত সন্মানীয় ৰাজ্যপালে নিজে মুকলি কৰিৱ টাৱাৰটো।
মন্দিৰ সমিতি বন বিভাগ আৰু বিধায়কৰ লগত অনুস্থিত হোৱা সভাৰ পিছত এই কথা জনালে সংবাদ মাধ্যমক।
- Log in to post comments