World Champion

লাভলীনা বৰগোঁহাইৰ বিশ্ব বক্সিং চেম্পিয়নশ্বিপ জয়ৰ পিছতে গৌৰাৱান্বিত হৈ পৰিছে অসমবাসী। ৰাজ্যত সৃষ্টি হৈছে উখল-মাখল পৰিৱেশৰ। মন্ত্ৰী-বিধায়কৰ লগতে ৰাজ্যবাসীয়ে শুভেচ্ছাৰে উপচাইছে লাভলীনাক। জয়ৰ পিছত লাভলীনা বৰগোঁহাইৰ প্ৰথম প্ৰক্ৰিয়া। টুইটৰ জৰিয়তে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে চেম্পিয়ন গৰাকীয়ে। তেখেতে লিখিছে-'বিশ্ব বক্সিং চেম্পিয়নশ্বিপত মোৰ তৃতীয় পদক জিকি অত্যন্ত সুখী। একেৰাহে দুটা ব্ৰঞ্জৰ পদক জয় কৰাৰ পিছত, মই এই বছৰ মোৰ পদকৰ ৰং সোণলৈ ৰূপান্তৰ কৰি সুখী। এই সুন্দৰ যাত্ৰাৰ অংশ হোৱা সকলোৰে প্ৰতি মই কৃতজ্ঞ। অব্যাহত........'।