Electrocuted

দেওবাৰে নিশা পশ্চিম বংগৰ কুচবিহাৰত জলপেশলৈ যাত্ৰী কঢ়িয়াই নিয়া এখন পিকআপ ট্ৰাক বিদ্যুৎস্পৃষ্ট হোৱাৰ ফলত কমেও ১০ জন লোকৰ মৃত্যু হয় আৰু কেইবাজনো লোক আহত হয়।

বাতৰি অনুসৰি, আহতসকলক চাংৰাবান্ধা বিপিএইচচিলৈ অনা হয়। অৱশ্যে, উন্নত চিকিৎসাৰ বাবে, চিকিৎসা বিষয়াই ১৬ জন ৰোগীক জলপাইগুৰি জিলা চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

স্থানীয় সূত্ৰ অনুসৰি জানিব পৰা মতে, গাড়ীখনত আছিল পোহৰৰ সমাহাৰ, বজোৱা হৈছিল বিশেষ ধৰণৰ ছাউণ্ড বক্স। আৰু তাৰ জেনেৰেটৰৰ ইলেকট্ৰিক লাইন শ্বৰ্ট চাৰ্কিট হৈ যায়।