Bol Bom

বোলবম যাত্ৰায়ে কাল হ’ল দুটি কিশোৰৰ ৷ লখিমপুৰত সংঘটিত হৈছে এই ঘটনা, ৰঙানদীৰ বাঢ়নী পানীত উটি গ’ল কিশোৰ দুটি ৷

শাওণ মাহৰ আৰম্ভণিৰে পৰা শিৱ ভক্তসৱে শিৱক আৰাধনা কৰি বোলবম যাত্ৰা আৰম্ভ কৰিছে। এই বোলবমৰ যাত্ৰাতে সংঘটিত হ’ল অঘটন। লখিমপুৰত বোলবম যাত্ৰালৈ গৈ বাঢ়নী পানীত উটি গ’ল দুটি ১১বছৰীয়া কিশোৰ। নদীত গা ধুই থকাৰ সময়তেই উটি যায় কিশোৰজন ৷

ভাগ্যক্ৰমে এটি কিশোৰক উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। কিন্তু আনজন কিশোৰ আচিক কুমাৰ নামৰ সপ্তম শ্ৰেনীৰ ছাত্ৰজনৰ এতিয়ালৈকে কোনো সন্ধান পোৱা নাই ৷