Bihu SOP

ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ভোগালীৰ প্ৰস্তুতি। ক’ভিডৰ দ্ৰুত সংক্ৰমণেও কমাব পৰা নাই অসমীয়াৰ হিয়াৰ আমঠু ভোগালী উদযাপনৰ প্ৰস্তুতি। ভিন্ন প্ৰান্তত বিভিন্ন আৰ্হিৰে ভেলাঘৰ-মেজিৰ সমান্তৰালকৈ পৰম্পৰাগত খেল ধেমালিৰ আয়োজনে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে।

আনহাতে, ভোগালীৰ বজাৰতো এতিয়া ভৰি পৰিছে বিভিন্ন ৰকমৰ পিঠা,দৈ-ক্ৰীমকে ধৰি স্থানীয়ভাৱে প্ৰস্তুত কৰা গামোচা আদিৰে।

সম্পূৰ্ণ ক’ভিড বিধি মানি ভোগালীৰ আয়োজন কৰা হৈছে যদিও ৰাজ্য চৰকাৰে ভোগালী বিহুক লৈ জাৰি কৰা SOP-এ বিপাঙত পেলাইছে বিহুবলীয়া ৰাইজক।