Kalicharan Maharaj

ছত্তীশগড় আৰক্ষীয়ে বৃহস্পতিবাৰে চুবুৰীয়া মধ্য প্ৰদেশৰ পৰা হিন্দু ধৰ্মীয় নেতা কালিচৰণ মহাৰাজক গ্ৰেপ্তাৰ কৰে। মহাত্মা গান্ধীৰ বিৰুদ্ধে মন্তব্য কৰাৰ অভিযোগত এজাহাৰ পঞ্জীয়ন কৰাৰ চাৰি দিন পিছত তেওঁক গ্ৰেপ্তাৰ কৰা হয়।
জ্যেষ্ঠ আৰক্ষী বিষয়াসকলৰ মতে, তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ মধ্য প্ৰদেশ আৰু মহাৰাষ্ট্ৰলৈ তিনিটা পৃথক আৰক্ষী দল প্ৰেৰণ কৰা হৈছিল।

২৫-২৬ ডিচেম্বৰত ৰাজ্যৰ ৰাজধানী ৰায়পুৰত আয়োজিত ‘ধৰম সংসদ’ত অতিথি হিচাপে উপস্থিত থকা কালিচৰণে মহাত্মা গান্ধীক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপিত হয় আৰু নাথুৰাম গডছেক হত্যা কৰাৰ বাবে প্ৰশংসা কৰা বুলি জানিব পৰা যায়।