অসম চৰকাৰে আকৌ ২৫০ কোটি টকা ধাৰ ল’লে ; হিমন্তৰ চৰকাৰৰ প্ৰথম ২টা বৰ্ষতে কোটি কোটি টকা ধাৰ....

Himanta Biswa Sarma

দেশৰ বিত্তীয় প্ৰতিষ্ঠানসমূহে প্ৰকল্প অনুমোদন তথা পুঁজি বিনিয়োগত অসম দেশৰ ভিতৰতে শেষৰ স্থানত থকাৰ তথ্য ৰিজাৰ্ভ বেংকৰ প্ৰতিবেদনত উন্মোচন হৈছে। ইয়াৰ লগে লগে নিজা ৰাজহ সংগ্ৰহতো অসম যে দেশৰ প্ৰায় শেষৰফালে আছে, সেয়া ইতিমধ্যে সংসদৰ মজিয়াত উন্মোচন হৈছে ৷

উল্লেখ্য যে, অসমৰ নিজা উৎসৰ পৰা ৰাজহ সংগ্ৰহৰ পৰিমাণ হ্ৰাস হৈ অহাৰ বাবে অসম চৰকাৰৰ এতিয়া ঋণ লোৱাৰ বাহিৰে কোনো বিকল্প নোহোৱা হৈ পৰিছে ৷ যাৰ ফলত ৰাজ্য চৰকাৰে পুনৰ ৫ বছৰলৈ ৰিজাৰ্ভ বেংকৰ জৰিয়তে ষ্টক নিলাম কৰি ২৫০ কোটি টকা ধাৰ লোৱাৰ বাবে সাজু হৈছে ৷

HIMANTA

মঙলবাৰে দেশৰ আন ৬খন ৰাজ্যৰ লগতে অসম চৰকাৰেও ষ্টক নিলাম কৰি ২৫০ কোটি টকা ঋণ ল’ব ৷ এই সন্দৰ্ভত ৰিজাৰ্ভ বেংকে বিগত ১৮ আগষ্টতে নিবিদা প্ৰকাশ কৰিছে ৷ সংসদৰ চলিত অধিৱেশনত কেন্দ্ৰীয় বিত্ত মন্ত্ৰণালয়ে প্ৰকাশ কৰা অনুসৰি ২০২২-২৩ বিত্তীয় বৰ্ষত অসমৰ নিজা ৰাজহৰ পৰিমাণ আছিল মাত্ৰ ২৯,০৬১ কোটি টকা ৷

অথচ অসমৰ বিপৰীতে মহাৰাষ্ট্ৰ , উত্তৰ প্ৰদেশৰ দৰে ৰাজ্যৰ বাৰ্ষিক ৰাজহৰ পৰিমাণ ডেৰ লাখ কোটি টকাতকৈ বেছি ৷ কিন্তু ইয়াৰ পাছতো হিতাধিকাৰীক সন্তুষ্ট কৰাৰ নামত অসম চৰকাৰে প্ৰতিমাহেই হাজাৰ কোটি টকাকৈ ঋণ লৈ আহিছে ৷

বৰ্তমান অসম চৰকাৰৰ ঋণৰ পৰিমাণ প্ৰায় ১ লাখ ৩৭ হাজাৰ কোটি টকা স্পৰ্শ কৰিছে ৷ তৰুণ গগৈৰ চৰকাৰৰ কাৰ্যকালত ঋণৰ পৰিমাণ ৩৬ হাজাৰ কোটি টকা আছিল যদিও পূৰ্বৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ কাৰ্যকালত ৰাজ্যৰ ঋণৰ পৰিমাণ ৮০ হাজাৰ কোটি টকালৈ বৃদ্ধি পাইছিল ৷

অৱশ্যে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ প্ৰথম দুটা বৰ্ষতে ঋণৰ পৰিমাণ ১ লাখ ৩৭ হাজাৰ কোটি টকালৈ বৃদ্ধি পালে ৷

Category