Dalgaon

দলগাঁৱত ঢেকীয়াপতীয়া বাঘৰ আতংক। বাঘৰ আক্ৰমণত গুৰুতৰভাৱে আহত এজন কিশোৰ। দলগাঁৱৰ ১ নং কছাৰী ভেটি টোপগাঁৱত সংঘটিত এই ঘটনা।

দেওবাৰে, পথাৰলৈ গৰু চৰাবলৈ যাওঁতে বাঘৰ আক্ৰমণৰ সন্মুখীন হয় এজন ১৪ বছৰীয়া কিশোৰ। ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা এটা বাঘে হঠাৎ আক্ৰমণ কৰে কিশোৰজনক।

বাঘৰ আক্ৰমণত গুৰুতৰভাৱে আহত ছাত্ৰজনৰ নাম ফৰহাদ আলী। সংকটজনক অৱস্থাত GMCHলৈ প্ৰেৰণ কৰা হয় ফৰহাদ আলীক।