Tiger Terror

জনাঞ্চলত ক্ৰমাৎ বৃদ্ধি পাইছে বনৰীয়া জীৱ-জন্তুৰ সন্ত্ৰাস। হাতী, গঁড়, ভালুকৰ পিছতেই ৰাজ্যত এতিয়া বাঘৰ আতংক। দেওবাৰে পুৱাই বাঘে নিধন কৰিলে পশুধন।

এই ঘটনা সংঘটিত হৈছে বৰছলাত৷ বৰছলাৰ প্ৰাথমিক চিকিৎসালয়ৰ কাষতে মাধৱ সৰকাৰ নামৰ লোকজনৰ ঘৰৰ গোহালিত সোমাই বাঘে নিধন কৰিলে চাৰিটাকৈ ভেড়া ছাগলী৷ এই ঘটনাই নহয়, কিছুদিনৰ আগতে বাঘটোৱে বৰছলাৰ নিছলামাৰীত দুটা গৰু আৰু ছাগলী নিধন কৰি ৰাইজৰ মাজত সৃষ্টি কৰিছিল সন্ত্ৰাস।