Lakhimpur Acid Attack

ৰাজ্যত সংঘটিত হৈছে ভয়ংকৰ ঘটনা।

লখিমপুৰ জিলাৰ ৰঙাজানত এচিড আক্ৰমণৰ বলি হৈছে দুগৰাকীকৈ মহিলা।
ৰেহেনা বেগম আৰু নুৰেদা বেগম নামৰ দুগৰাকী মহিলাক শোৱাপাটীতে এচিডেৰে আক্ৰমণ কৰিলে দুৰ্বৃত্তই। গুৰুতৰভাৱে আহত হৈছে মহিলাদুগৰাকী।

ৰফিকুল ইছলামে এই ঘটনা সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈছে। ১০ বছৰ পূৰ্বে ৰেহেনাৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল ৰফিকুল। কিন্তু বিয়াৰ পিছৰে পৰা যৌতুক বিচাৰি ৰেহেনাৰ ওপৰত প্ৰায়ে অত্যাচাৰ চলাই আহিছিল ৰফিকুলে।
ঘটনাৰ পাছতে ৰফিকুল ইছলাম সম্প্ৰতি পলাতক অৱস্থাত আছে।