ভয়ংকৰ! ৰাজ্যত এচিড আক্ৰমণৰ বলি হ’ল দুগৰাকীকৈ মহিলা

Acid Attack

ৰাজ্যত সংঘটিত হৈছে ভয়ংকৰ ঘটনা।

লখিমপুৰ জিলাৰ ৰঙাজানত এচিড আক্ৰমণৰ বলি হৈছে দুগৰাকীকৈ মহিলা।
ৰেহেনা বেগম আৰু নুৰেদা বেগম নামৰ দুগৰাকী মহিলাক শোৱাপাটীতে এচিডেৰে আক্ৰমণ কৰিলে দুৰ্বৃত্তই। গুৰুতৰভাৱে আহত হৈছে মহিলাদুগৰাকী।

ৰফিকুল ইছলামে এই ঘটনা সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈছে। ১০ বছৰ পূৰ্বে ৰেহেনাৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল ৰফিকুল। কিন্তু বিয়াৰ পিছৰে পৰা যৌতুক বিচাৰি ৰেহেনাৰ ওপৰত প্ৰায়ে অত্যাচাৰ চলাই আহিছিল ৰফিকুলে।
ঘটনাৰ পাছতে ৰফিকুল ইছলাম সম্প্ৰতি পলাতক অৱস্থাত আছে।

নিশাই ততাতৈয়াকৈ এচিড আক্ৰমণৰ বলি হোৱা দুয়োগৰাকী মহিলাকে উত্তৰ লখিমপুৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। কিন্তু পৰিস্থিতি কিছু গম্ভীৰ হোৱাত উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে।

Category
Profile picture for user UB Photos