ঢেকীয়াজুলিত ঢেকীয়াপতীয়াৰ সন্ত্ৰাস, গোহালিতে বাঘে নিধন কৰিলে চাৰিটা ভেড়া ছাগলী

Tiger terror in Dhekiajuli, Assam

জনাঞ্চলত ক্ৰমাৎ বৃদ্ধি পাইছে বনৰীয়া জীৱ-জন্তুৰ সন্ত্ৰাস। হাতী, গঁড়, ভালুকৰ পিছতেই ৰাজ্যত এতিয়া বাঘৰ আতংক। দেওবাৰে পুৱাই বাঘে নিধন কৰিলে পশুধন।

এই ঘটনা সংঘটিত হৈছে বৰছলাত৷ বৰছলাৰ প্ৰাথমিক চিকিৎসালয়ৰ কাষতে মাধৱ সৰকাৰ নামৰ লোকজনৰ ঘৰৰ গোহালিত সোমাই বাঘে নিধন কৰিলে চাৰিটাকৈ ভেড়া ছাগলী৷ এই ঘটনাই নহয়, কিছুদিনৰ আগতে বাঘটোৱে বৰছলাৰ নিছলামাৰীত দুটা গৰু আৰু ছাগলী নিধন কৰি ৰাইজৰ মাজত সৃষ্টি কৰিছিল সন্ত্ৰাস।

উল্লেখ্য যে, ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই আহিছে ঢেকীয়াপতীয়া বাঘটো৷ স্থানীয় লোকৰ অভিযোগ, বাঘটোৰ সন্ত্ৰাসত জীৱন, সম্পত্তিৰ নিৰাপত্তা নাইকীয়া হৈছে অঞ্চলটোৰ ৰাইজৰ৷ এটা বাঘে বাৰে-বাৰে অঞ্চলটোত সন্ত্ৰাস সৃষ্টি কৰি এটাৰ পিছত আনটো জীৱ-জন্তু হত্যা কৰি অহাৰ পিছতো বনবিভাগে বাঘটো পিঞ্জৰাবদ্ধ নকৰাত ক্ষুব্ধ হৈ পৰিছে গাওঁবাসী ৷ শীঘ্ৰেই বাঘটো পিঞ্জৰাবদ্ধ কৰিবলৈ বনবিভাগক আহ্বান জনায় স্হানীয় লোকসকলে৷ ইতিমধ্যে ঘটনাস্থলীত বনবিভাগৰ লোক উপস্থিত হৈছে যদিও বাঘটো কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা নাই। অৱশ্যে, পৰৱৰ্তী সময়ত বাঘ ধৰিবলৈ বন বিভাগ সক্ষম হ'বনে নহয়, সেয়া পৰৱৰ্তী সময়তহে লক্ষণীয় হ'ব৷

Category