Malala's Story

তালিবানৰ সন্ত্ৰাসৰ বিৰুদ্ধে গুজৰিছিল এগৰাকী কিশোৰীয়ে। নাম ‘মালালা’। কোন এইগৰাকী দুঃসাহসী মলালা?

মালালাৰ সম্পুৰ্ণ নাম আছিল মলালা ইউছাফজাই। তেওঁ আছিল এগৰাকী সাহসী মহিলা, যিয়ে দুৰ্নীতিৰ বিৰুদ্ধে মাত দিয়াৰ লগতে পাকিস্তানত মহিলাৰ শিক্ষাক উদগনি যোগোৱা আৰু অনিবাৰ্য কৰাৰ বাবে উঠি পৰি যুঁজ দিছিল।

যেতিয়া তালিবানৰ হিংসাত্মক নীতিৰ আতংকৰ ফলত ছোৱালীসকলে স্কুললৈ যাব নোৱাৰা অৱস্থা হৈছিল, তেতিয়া মালালা আছিল মাত্ৰ আঠ বছৰ বয়সৰ। অন্যায়ৰ বিৰুদ্ধে যুঁজি দিবলৈ ওলাই আহিছিল আঠ বছৰীয়া কণমাণিগৰাকী।