
বুধবাৰে নিশা চতিয়াত এঘৰ ব্যক্তিৰ বাসগৃহ জ্বলাই দিয়াৰ চেষ্টা কোনো দুৰ্বিত্তৰ ৷ এই ঘটনা সংঘটিত হৈছে চতিয়াৰ চৰাইজনীয়া গাৱঁত ৷
নিশা প্ৰায় ১২ বজাত সংঘটিত হয় এই ঘটনা ৷ খলিল দৰ্জী নামৰ এগৰাকী ব্যক্তিৰ বাসগৃহটোত বাহিৰৰপৰা পেট্ৰল জাতীয় পদাৰ্থৰে জ্বলাই দিয়াৰ চেষ্টা চলাইছিল৷ বাসগৃহটোৰ দুৱাৰ খিৰিকীৰ লগতে এখন মটৰচাইকেলত অগ্নি সংযোগ হয় যদিও কথমপি ৰক্ষা পৰে বাসগৃহটো ৷ ঘটনাস্থলীত চতিয়া আৰক্ষী উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰে ৷
Category
- Log in to post comments