Idli Ice Cream

আপুনি ইদলি খাই ভাল পায়নে? দক্ষিণ ভাৰতৰ পৰম্পৰাগত খাদ্য ইদলি বহুতৰে প্ৰিয়। চাউলৰ গুৰিৰ পৰা প্ৰস্তুত কৰা ইদলি হৈছে দক্ষিণ ভাৰতীয় লোকসকলৰ এক পৰম্পৰাগত আহাৰ।

এই ইদলি বহুতেই বহু ধৰণেৰে, বিভিন্ন ব্যঞ্জনৰ লগত খাই ভাল পায়। অসমীয়া সমাজত আকৌ ইদলি বহুতেই গাখীৰ, চেনি, পিঠাগুড়ি, চুজিৰ সংমিশ্ৰণেৰেও প্ৰস্তুত কৰা দেখা যায়।

পিছে এইবাৰ এখন বিশেষ ফটোৱে ইন্টাৰনেটত তুলিছে খলকনি। দেখিবলৈ আইচক্ৰীমৰ নিচিনা, আইচক্ৰীম ষ্টিক লগোৱা ইদলিৰ এখন বিশেষ ফটোৱে এতিয়া সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।