‘ইদলি আইচক্ৰীম’ খাই পাইছেনে? ছ’চিয়েল মিডিয়াত খলকনি তোলা ইদলি আইচক্ৰীমে এতিয়া দৃষ্টি আকৰ্ষণ কৰিছে খাদ্যপ্ৰেমীৰ…

Viral photo of idli with ice-cream stick leaves foodies divided online

আপুনি ইদলি খাই ভাল পায়নে? দক্ষিণ ভাৰতৰ পৰম্পৰাগত খাদ্য ইদলি বহুতৰে প্ৰিয়। চাউলৰ গুৰিৰ পৰা প্ৰস্তুত কৰা ইদলি হৈছে দক্ষিণ ভাৰতীয় লোকসকলৰ এক পৰম্পৰাগত আহাৰ।

এই ইদলি বহুতেই বহু ধৰণেৰে, বিভিন্ন ব্যঞ্জনৰ লগত খাই ভাল পায়। অসমীয়া সমাজত আকৌ ইদলি বহুতেই গাখীৰ, চেনি, পিঠাগুড়ি, চুজিৰ সংমিশ্ৰণেৰেও প্ৰস্তুত কৰা দেখা যায়।

পিছে এইবাৰ এখন বিশেষ ফটোৱে ইন্টাৰনেটত তুলিছে খলকনি। দেখিবলৈ আইচক্ৰীমৰ নিচিনা, আইচক্ৰীম ষ্টিক লগোৱা ইদলিৰ এখন বিশেষ ফটোৱে এতিয়া সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।

ফটোখন দেখি প্ৰথমতে সকলোৱে এয়া আইচক্ৰীম বুলি ভুল কৰিছিল যদিও, চামবাৰ জুবিয়াই থোৱা আইচক্ৰীম সদৃশ ইদলি দেখি এতিয়া হতবাক হৈ পৰিছে সকলো। অৱশ্যে ইদলিৰ ফটোখন ক’ৰ হয় এটিয়াও স্পষ্ট হোৱা নাই যদিও বহুতেই এয়া বাংগালুৰুৰ হয় বুলি কৈছে। যিয়েই নহওঁক কিয়, খাদ্যপ্ৰেমীসকলে এই সৃজনীশীলতাক প্ৰশংসাৰে ওপচাই তুলিছে।

Category