প্ৰতিবছৰে ২১ ছেপ্তেম্বৰৰ দিনটো আন্তৰ্জাতিক শান্তি দিৱস (International Peace Day) হিচাপে উদযাপন কৰা হয় ৷
ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ বৈঠকত সিদ্ধান্ত লোৱা হৈছিল যে, ২৪ ঘন্টা অহিংসা আৰু যুদ্ধ বিৰতি পালন কৰি এটা নিৰ্দিষ্ট দিনত শান্তিৰ ধাৰণাটো আৰু অধিক শক্তিশালী কৰি তোলা হওক ৷ তাৰ পাছত ১৯৮১ চনৰ পৰা আন্তৰ্জাতিক শান্তি দিৱস ৰাষ্ট্ৰ সংঘৰ সাধাৰণ পৰিষদৰ দ্বাৰা উদযাপন কৰা হয় ৷ ইয়াৰ দুটা দশক পিছত অৰ্থাৎ ২০০১ চনত সাধাৰণ পৰিষদে স্বয়ংক্ৰিয়ভাৱে এটা নিৰ্দিষ্ট দিনত সমগ্ৰ বিশ্বতে অহিংসা আৰু যুদ্ধবিৰতি পালনৰ বাবে আন্তৰ্জাতিক শান্তি দিৱস হিচাপে পালনৰ বাবে ভোট গ্ৰহণ কৰে।