Jamugurihat Train Accident

দুজনকৈ অচিনাক্ত যুৱকৰ মৃত্যুৱে চাঞ্চল্যৰ সৃষ্টি কৰিছে জামুগুৰিহাটত। জামুগুৰিহাটৰ টৌভঙাত ৰে'লৰ আগত পৰি মৃত্যু দুজন যুৱকৰ৷

দেওবাৰে পুৱা উদ্ধাৰ হোৱা মৃতদেহ দুটা নিশা ৰে'লে কাটি নিয়াৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। টৌভঙাৰ ৰে'লৰ আলিত প্ৰায় এক কিলোমিটাৰ দূৰত্বৰ ব্যৱধানত দুজন যুৱকৰ ৰে'লে কাটি থৈ যোৱা মৃতদেহ উদ্ধাৰ কৰে আৰক্ষীয়ে৷

মৃত যুৱক দুজনৰ ভিতৰত এজন নবিলৰ চিৰঞ্জীৱ মণ্ডল বুলি জানিব পৰা গৈছে যদিও আনজনক এই মূহুৰ্ত্বলৈকে চিনাক্ত কৰিব পৰা হোৱা নাই ৷ স্থানীয় ৰাইজে জানিবলৈ দিয়া মতে কাণত হেডফোন লগাই ৰে'ল আলিত খোজ কাঢ়ি থকা অৱস্থাতে চিৰঞ্জীৱ মণ্ডলক নিশা ৰে'লে কাটি নিয়ে৷