BJP MLA

ভাৰতীয় জনতা পাৰ্টিৰ বিজেপি বিধায়ক তেৰাশ গোৱালাক ৰাজধানী এক্সপ্ৰেছত আক্ৰমণ।

গোৱালাই দিল্লী-ডিব্ৰুগড় ৰাজধানী এক্সপ্ৰেছত যাত্ৰা কৰি থকা সময়তে এই অপ্ৰীতিকৰ ঘটনা সংঘটিত হয়।অভিযোগ অনুসৰি বিধায়ক তেৰছ গোৱালা নিজ পত্নীসহ দিল্লী-ডিব্ৰুগড় ৰাজধানী এক্সপ্ৰেছৰ জৰিয়তে ডিব্ৰুগড়লৈ যাত্ৰা কৰিছিল। ডিব্ৰুগড়লৈ গৈ থকাৰ অৱস্থাতে তেওঁ বহি যোৱা ডবাৰ যাত্ৰীয়ে তেওঁক আক্ৰমণ কৰাৰ অভিযোগ উত্থাপিত হৈছ। অভিযোগ অনুসৰি একেটা ডবাতে যাত্ৰা কৰা আন যাত্ৰীয়েও তেওঁক আক্ৰমণ কৰিছে।

প্ৰথমতে তৰ্ক-বিতৰ্ক আৰু তাৰপিছত পৰিস্থিতি অধিক উত্তপ্ত হোৱাৰ পিছতে যাত্ৰীজনে গোৱালাক আক্ৰমণ কৰিছিল বুলি অভিযোগ কৰা হৈছে।