Assam Table Tennis Association

অসম সন্তান প্ৰিয়ানুজ ভট্টাচাৰ্যৰ সাফল্য। টেবুল টেনিছত পদক বিজয়েৰে অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে প্ৰিয়ানুজে। ইন্দোৰৰ অভয় প্ৰসাল ইন্দোৰ ষ্টেডিয়ামত অনুষ্ঠিত হোৱা ৮৩তম কেডেট আৰু চাব জুনিয়ৰ নেশ্যনেল টেবুল টেনিছ চেম্পিয়নশ্বিপত বিজয়ৰ খিতাপ আজুৰিলে প্ৰিয়ানুজ ভট্টাচাৰ্যই। ১৫ অনুৰ্ধ্বৰ ল'ৰাৰ টেবুল টেনিছত প্ৰিয়ানুজে হিমাচল প্ৰদেশৰ প্ৰতিদ্বন্দ্বীক ৪-২ পইণ্টত পৰাস্ত কৰিবলৈ সক্ষম হয়।