Tangerang

ইণ্ডোনেছিয়াত বিধ্বংসী অগ্নিকাণ্ড।

ইণ্ডোনেছিয়াত সংঘটিত হৈছে বিধ্বংসী অগ্নিকাণ্ড। ইণ্ডোনেছিয়াৰ ৰাজধানী জাকাৰ্টাৰ সমীপৰ টাংগেৰাং নামৰ জে’ল এখনৰ ব্লক ‘চি’ত সংঘটিত হৈছে এই অগ্নিকাণ্ড।

অগ্নিকাণ্ডত এতিয়ালৈ ৪১জন কাৰাবন্দীৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। তাৰ বিপৰীতে আহত হৈছে প্ৰায় অৰ্ধশতাধিক লোক। এতিয়াও চলি আছে উদ্ধাৰ অভিযান। মৃতকৰ সংখ্যা আৰু অধিক বৃদ্ধিৰ পোৱাৰ সম্ভাৱনা আছে।
অগ্নিকাণ্ডৰ সংঘটিত হোৱাৰ সময়ত ব্লকটোত আছিল ১২২জন কাৰাবন্দী।