MAMA

হিমন্ত বিশ্ব শৰ্মাক লৈ KBC ত ১০ হাজাৰ টকীয়া এটা প্ৰশ্ন। ভাইৰেল হ’ল ভিডিঅ’।

এটা জনপ্ৰিয় টিভি ৰিয়েলিটি শ্ব’  ক’ন বনেগা কড়োৰপতি (KBC) ৰ এক অনুষ্ঠানত শোধা হ’ল এটা বিশেষ প্ৰশ্ন। যিটো প্ৰশ্নৰ পাছত সৰ্বত্ৰে ভাইৰেল হৈ পৰে KBCৰ অনুস্থানটো।

KBCৰ হোষ্ট অভিনেতা অমিতাভ বচ্চনে বিভিন্ন প্ৰশ্নৰ মাজত সোধা এটা ১০,০০০ টকীয়া প্ৰশ্ন আছিল “অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তলৰ কোনটো নামেৰে জনা যায়

a)খুড়া b)মামা c)কাকা নে d)বৰদেউতা”

প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো চাগে আপোনালোক সকলোৱে জানে। উত্তৰটো আছিল- b)মামা। উত্তৰটো শুদ্ধকৈ দি খেলুৱৈজনে লগে লগে ১০,০০০টকা জিকিবলে সক্ষম হয়।