আজিৰে পৰা দুদিনীয়াকৈ এডভাণ্টেজ আছাম 2.0। ৰাষ্ট্ৰীয় সংগীত, জাতীয় সংগীতেৰে আৰম্ভ কৰা হয় অনুষ্ঠান। খানাপাৰাত বিনিয়োগ সন্মিলনৰ বিশাল আয়োজন। প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিলে এডভাণ্টেজ আছাম 2.0।
প্ৰধানমন্ত্ৰীক অসমীয়া পৰম্পৰাৰে সম্বৰ্ধনা মুখ্যমন্ত্ৰীৰ। উক্ত অনুষ্ঠানত অংশগ্ৰহণ জ্যোতিৰাদিত্য সিন্ধিয়া, অশ্বিনী বৈষ্ণৱ, এছ জয়শংকৰ, সৰ্বানন্দ সোণোৱাল। লগতে, ভাৰ্ছুৱেলী সন্মিলন সম্বোধন নীতিন গাডকাৰীৰ।
এডভাণ্টেজ আছাম 2.0 অনুষ্ঠানত বক্তব্য আগবঢ়াই দেশৰ ৭ গৰাকী উদ্যোগপতিয়ে। সৰ্ববৃহৎ বিনিয়োগ সন্মিলনলৈ ৬১ ৰাষ্ট্ৰৰ প্ৰতিনিধি। সন্মিলনৰ বাবে উপস্থিত ৫৮০গৰাকী বিনিয়োগকাৰী।