
আজিৰে পৰা দুদিনীয়াকৈ এডভাণ্টেজ আছাম 2.0। ৰাষ্ট্ৰীয় সংগীত, জাতীয় সংগীতেৰে আৰম্ভ কৰা হয় অনুষ্ঠান। খানাপাৰাত বিনিয়োগ সন্মিলনৰ বিশাল আয়োজন। প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিলে এডভাণ্টেজ আছাম 2.0।
প্ৰধানমন্ত্ৰীক অসমীয়া পৰম্পৰাৰে সম্বৰ্ধনা মুখ্যমন্ত্ৰীৰ। উক্ত অনুষ্ঠানত অংশগ্ৰহণ জ্যোতিৰাদিত্য সিন্ধিয়া, অশ্বিনী বৈষ্ণৱ, এছ জয়শংকৰ, সৰ্বানন্দ সোণোৱাল। লগতে, ভাৰ্ছুৱেলী সন্মিলন সম্বোধন নীতিন গাডকাৰীৰ।
এডভাণ্টেজ আছাম 2.0 অনুষ্ঠানত বক্তব্য আগবঢ়াই দেশৰ ৭ গৰাকী উদ্যোগপতিয়ে। সৰ্ববৃহৎ বিনিয়োগ সন্মিলনলৈ ৬১ ৰাষ্ট্ৰৰ প্ৰতিনিধি। সন্মিলনৰ বাবে উপস্থিত ৫৮০গৰাকী বিনিয়োগকাৰী।
উপস্থিত উদ্যোগপতি গৌতম আদানী, মুকেশ আম্বানী, টাটা গ্ৰুপৰ অধ্যক্ষ এন চন্দ্ৰশেখৰন, সজ্জন জিন্দাল, সাৱিত্ৰী জিন্দালো। ONGCৰ অধ্যক্ষ, MD অৰুণ কুমাৰ সিং উপস্থিত।
অসমত উপস্থিত ব্ৰিটিছ উপ-উচ্চায়ুক্ত এনডু ফ্লেমিং। ফিলিপাইনছৰ ৰাষ্ট্ৰদূত ফ্ৰান্সিস্ক’ এগনাছিঅ’। ব্ৰাজিলৰ উচ্চায়ুক্ত কেনেথৰ অংশগ্ৰহণ। উপস্থিত দক্ষিণ কোৰিয়া, ছিংগাপুৰ, ভূটানৰ ৰাষ্ট্ৰদূত। উপস্থিত ইউৰোপীয় ইউনিয়নৰ ৰাষ্ট্ৰদূতো। উপস্থিত ৰিজাৰ্ভ বেংকৰ ডেপুটি গৱৰ্ণৰ ৰবি শংকৰ।
এডভাণ্টেজ আছামত অংশ লোৱা উদ্যোগপতিক ধন্যবাদ CMৰ। ছাউথ এছিয়াৰ গেটৱে’ উত্তৰ-পূৱত বিনিয়োগৰ আহ্বান। উত্তৰ-পূৰ্বাঞ্চলক লৈ প্ৰধানমন্ত্ৰীৰ সপোন পূৰণৰ আহ্বান। ২০১৪ৰ পিছত অসমে পুনৰ জীৱন পাইছে : মুখ্যমন্ত্ৰী।
প্ৰধানমন্ত্ৰীৰ নেতৃত্বত অসমৰ আন্তঃগাঁথনিৰ উন্নয়ন হৈছে। অসমৰ উন্নয়নৰ প্ৰধানমন্ত্ৰীক ধন্যবাদ মুখ্যমন্ত্ৰীৰ।
- Log in to post comments