ভয়ংকৰ বনজুই! বনজুইত ১০ জন সৈনিকসহ ৩৪ জন লোকৰ মৃত্যু...........

wildfire

উত্তৰ আফ্ৰিকাৰ দেশ আলজেৰিয়াত ভয়ংকৰ বনজুই । দেশজুৰি বিয়পি পৰা এই বনজুইত কমেও ৩৪ জন লোকৰ মৃত্যু হোৱাৰ লগতে বহু লোক আহত হোৱা বুলি জানিব পৰা গৈছে । ইয়াৰ উপৰিও ভয়ংকৰ বনজুইৰ বাবে হাজাৰ হাজাৰ লোকক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰা হৈছে। 

wildfire

আন্তৰ্জাতিক সংবাদ মাধ্যমৰ বাতৰিত প্ৰকাশ কৰা তথ্য অনুসৰি, সমগ্ৰ আলজেৰিয়াত বনজুইৰ ফলত কমেও ৩৪ জন লোকৰ মৃত্যু হোৱা বুলি দেশখনৰ গৃহ মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। সোমবাৰে উত্তৰ আফ্ৰিকাৰ এই দেশখনৰ ১৬খন প্ৰদেশত ৯৭টা বনজুইৰ ঘটনা সংঘটিত হৈছে । এই অগ্নিকাণ্ডত বহু পৰিমাণে বনাঞ্চল, শস্য আৰু কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে। হাজাৰ হাজাৰ লোকক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰা হৈছে। প্ৰায় ৮ হাজাৰ অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নিয়ন্ত্ৰণৰ বাবে কাম কৰি আছে বুলিও কৰ্তৃপক্ষই জনাইছে। 

wildfire

উল্লেখ্য যে, অগ্নিকাণ্ডৰ কাৰণ জানিবলৈ বিভাগীয় তদন্ত আৰম্ভ কৰিছে কৰ্তৃপক্ষই। ফেনাইয়া, বেজাইয়া, জাবৰবাৰা আৰু বুইৰাত ২৬ জন লোক আহত হোৱাৰ লগতে ১৫০০ লোকক ঘৰৰ পৰা উলিয়াই অনা হৈছে।

wildfire

আলজেৰিয়াৰ কাবিলে অঞ্চলত সংঘটিত হৈছে আটাইতকৈ ভয়াৱহ অগ্নিকাণ্ড। আলজিয়াৰ্ছৰ পূব দিশৰ পাহাৰীয়া অঞ্চলৰ পৰা উপকূলীয় চহৰ বেজাইয়া আৰু জিচেলেৰ আৱাসিক অঞ্চললৈ বিয়পি পৰে এই জুই। মূলতঃ প্ৰচণ্ড বতাহৰ বাবেই এই জুই দ্ৰুতগতিত বিয়পি পৰিছে।

Category
Profile picture for user UB Photos