এইবাৰ পথ মেৰামতিত নামিল আৰক্ষী। মৰণফান্দৰূপী গাঁত পোতাত ব্যস্ত আৰক্ষী। 

Assam

বৃহস্পতিবাৰে গুৱাহাটীৰ গণেশগুৰিত জাইকাৰ গাঁতৰ মাটিৰ দ'মত খুন্দিয়াই এগৰাকী ছাত্ৰীৰ কৰুণ মৃত্যু হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। ভগ্নীৰ সৈতে স্কুটীৰে স্কুললৈ গৈ থকাৰ সময়তে মাটিৰ দ'মত খুন্দা খাই এখন বাছৰ তলত সোমাই গৈছিল স্কুটীখন। যাৰ ফলত প্ৰিয়া কুমাৰী নামৰ একাদশ শ্ৰেণীৰ ছাত্ৰীগৰাকীয়ে কৰুণভাৱে মৃত্যুক সাবটি লয়। জাইকাৰ মৰণফান্দৰূপী গাঁতৰ বাবে চিন্তিত হৈ পৰিছে মহানগৰবাসী। শেহতীয়াকৈ পথ মেৰামতিত নামিল যান-বাহন আৰক্ষী। মৰণফান্দৰূপী গাঁত পোতাত ব্যস্ত হৈ পৰিছে আৰক্ষী। গেমনে খন্দা গাঁত মেৰামতি কৰিলে আৰক্ষীয়ে। 

 

Category
Profile picture for user UB Photos