চাপৰৰ চিৰাকুটাত দিনৰ পোহৰতে ডকাইতি কাণ্ড!

১১ লক্ষাধিক টকা লুটি নিয়াৰ অভিযোগ।

চাৰি চকীয়া বাহনক আগুৰি সংঘটিত ডকাইতি কাণ্ড। ইটা ভাটাৰ স্বত্তাধিকাৰীক মাৰপিট কৰি ১১ লক্ষাধিক টকা লুটি নিয়াৰ অভিযোগ। ঘটনা সক্ৰান্তত ইতিমধ্যে ভুক্তভোগীয়ে চাপৰ থানাত এজাহাৰ দাখিল কৰে।

ধুবুৰী জিলাৰ চাপৰ আৰক্ষী থানাৰ অন্তৰ্গত চিৰাকুটা ২য় খণ্ড স্থিত কলম ইটা ভাটাৰ স্বত্তাধিকাৰ চন্দন দাস আৰু সহযোগী নুৰ ইছলামে শ্ৰমিকক ধন দিবলৈ নগত ১১ লক্ষাধিক টকা লৈ ইটা উদ্যোগলৈ আহি থকা অবস্থাত ছমেৰ আলী আৰু তেওঁৰ লগত অহা ৬ জনীয়া দল এটাই আগুৰি ধৰে।


জানিব পৰা মতে উক্ত দলটোৱে বিভিন্ন ভাবুকি দেখুৱাই মাৰপিট কৰাৰ লগতে ১১ লক্ষাধিক টকা কাঢ়ি লৈ যোৱাৰ এক গুৰুতৰ অভিযোগ উত্থাপন কৰে। উক্ত ঘটনা সন্দৰ্ভত ভুক্তভোগীয়ে ছমেৰ আলী,সৰিফ উদ্দিন সেখ,জাকিৰ হুছেইন,সঞ্জাব আলী মণ্ডল,ছোৰহাব আলী আৰু ডালিমন নেছাৰ নামত এজাহাৰ দাখিল কৰে।

Category