মৰ্মান্তিক! সৰস্বতী পূজা চাবলৈ গৈ মৃত্যুক সাৱটিলে ৩ গৰাকী শিক্ষাৰ্থীয়ে

Accident

ধুবুৰীত ভয়ংকৰ পথ দুৰ্ঘটনা। গণৰাজ্য দিৱস আৰু সৰস্বতী পূজাৰ মাজতেই ধুবুৰীত শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হয়। ঘটনা অনুসৰি সৰস্বতী পূজা চাবলৈ গৌৰীপুৰৰ পৰা ধুবুৰী অভিমুখে গৈছিল AS17J4224 মাৰুতি আৰটিকা বাহনখন আৰু পথতে এই ভয়াৱহ দুৰ্ঘটনা সংঘটিত হয়।

উল্লেখ্য যে, ৭ গৰাকী ছাত্ৰ-ছাত্ৰীৰে ভ্ৰমণ কৰা এই বাহনখনৰ ৩ গৰাকী শিক্ষাৰ্থীৰ ইতিমধ্যে মৃত্যু হোৱাৰ লগতে আন চাৰিজন গুৰুতৰভাৱে আহত হৈছে। নিহত তিনিগৰাকীৰ নাম নিৰ্মালী ৰায় (১৬) আৰু শিৱাংগী ৰায় (১৪) আৰু মইদুল ইচলাম (১৯ বুলি জানিব পৰা গৈছে। আনহাতে, আহতসকলৰ ভিতৰত আছে ৰিয়াত হুছেইন, জাহিদুল হক, ৰিয়া সাহা, জেনিফাৰ ইয়াছমিন।

জানিব পৰা মতে, দুৰ্ঘটনাগ্ৰস্ত বাহনখনে পথৰ দাঁতিত ৰখাই থোৱা এখন বাইক আৰু এখন স্কুটীত খুন্দা মাৰি এখন ট্ৰাকত খুন্দা মৰাৰ ফলতেই এই অনাকাংক্ষিত দুৰ্ঘটনাটো সংঘটিত হয়। আহত ৫ জনৰ ভিতৰত ৩ জনক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতাললৈ প্ৰেৰণ কৰা হৈছে আৰু তেওঁলোকৰ অৱস্থাও সংকটজনক বুলি জানিব পৰা গৈছে।

 

Category
Profile picture for user UB Photos