উত্তৰ–পূৰ্বাঞ্চলত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং। সোমবাৰে ডিব্ৰুগড়ৰ মোহনবাৰী বায়ুসেনা ঘাটিত উপস্থিত হয় ৰাজনাথ সিং। নিশাটো প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে মোহনবাৰী বায়ুসেনা ঘাটিতে কটায়। আজি অৰুণাচল প্ৰদেশত ৭২৪.৩ কোটি টকাৰ ২৮টা প্ৰকল্প মুকলি কৰিব। মুকলি কৰিব ১০০ মিটাৰ দৈৰ্ঘ্যৰ চিয়াং জিলাৰ শ্বিয়ম দলং। সীমান্ত পথ সংস্থাৰ ২৭টা প্ৰকল্পও কৰিব উদ্বোধন। ভাৰ্চুৱেলী উদ্বোধন কৰিব এই প্ৰকল্পকেইটা।
সোমবাৰে সন্ধিয়াই ডিব্ৰুগড়ত উপস্থিত হয় ৰাজনাথ সিং। অৰুণাচল প্ৰদেশ ভ্ৰমণ সামৰি আজি দুপৰীয়াই পুনৰ দিল্লীলৈ উভতি যাব প্ৰতিৰক্ষা মন্ত্ৰীগৰাকী।
- Log in to post comments