সুৰাতো দূৰৰে কথা, পিকনিক খাবলৈ গলে আপুনি সেৱন কৰিব নোৱাৰিব চিগাৰেটো!

Assam

মহানগৰীৰ বনভোজস্থলীত বনভোজ খাবলৈ যোৱা দলৰ বাবে প্ৰশাসনে বান্ধি দিছে নীতিনিৰ্দেশনা। এতিয়াৰে পৰা বনভোজ খাবলৈ যোৱা দলে মানি চলিব লাগিব প্ৰশাসনে বান্ধি দিয়া এইসমূহ নীতিনিয়ম। বনভোজৰ দলে প্ৰশাসনৰ অনুমতি লৈহে বনভোজ খাবলৈ যাব পাৰিব। তাৰ উপৰি আন বহুকেইটা নিয়ম বান্ধি দিছে প্ৰশাসনে।নীতি-নিয়ম সমূহ হৈছে-

১. প্ৰশাসনৰ অনুমতি বাধ্যতামূলক
২. পৰিস্কাৰ কৰি আহিব লাগিব বনভোজ খোৱা স্থান।
৩. বনভোজস্থলীৰ সমীপৰ নদনদীত নমাত নিষেধাজ্ঞা।
৪. বনভোজস্থলীত নিষিদ্ধ জুৱাকে ধৰি অনৈতিক কাৰ্যকলাপ।
৫. বনভোজস্থলীত মাছ মৰা, নাও চলোৱা, সাঁতোৰাত নিষেধাজ্ঞা।
৬. উচ্চ প্ৰাৱল্যত বজাব নোৱাৰিব গীতমাত।
৭. কৰিব নোৱাৰিব দ্বীপৰ বিললৈ ভাবুকি অনা কোনো কাম।
৮. ক্ষতি হব নোৱাৰিব বনভোজস্থলীৰ সাসম্পত্তি।
৯. পৰিৱেশলৈ ভাবুকি অনা সকলো কাৰ্যত নিষেধাজ্ঞা।
১০. অনুমতি বিনে বিক্ৰী কৰিব নোৱাৰিব খাদ্য সামগ্ৰী।
১১. বনভোজস্থলীত আতচবাজীৰ ব্যৱহাৰত নিষেধাজ্ঞা ।
১২. বনভোজস্থলীত সাজিব নোৱাৰিব টেণ্ট।
১৩. নিষিদ্ধ সুৰাপান আৰু চিগাৰেট সেৱন।
১৪. কেৱল পোহৰৰ বাবেহে লব পাৰিব বিদ্যুৎ সংযোগ।
১৫. চাইকেলৰ লগতে চলাব নোৱাৰিব কোনো বাহন।
১৬. নিষিদ্ধ ধৰ্মীয় অথবা ৰাজনৈতিক অনুষ্ঠান।
১৭. মহানগৰ আৰক্ষী আয়ুক্তৰ পৰা লব লাগিব অনুমতি।

Category
Profile picture for user UB Photos