আজি ৰতন টাটাৰ জন্মদিন, জানো আহক ভাৰতৰ আটাইতকৈ নম্ৰ উদ্যোগপতিজনৰ অজ্ঞাত প্ৰেমকাহিনী

Ratan Tata

টাটা গ্ৰুপৰ প্ৰাক্তন অধ্যক্ষ ৰতন টাটা তেওঁৰ ব্যৱসায়িক সাফল্য আৰু জনহিতকৰ কামৰ বাবে সুপৰিচিত।ৰতন টাটাৰ কৃতিত্ব সকলোৱে জানে যদিও বহুতে ব্যৱসায়ীজনৰ ব্যক্তিগত জীৱনৰ বিষয়ে নাজানে।

আমি সকলোৱে জানো ৰতন টাটা অবিবাহিত। কিন্তু তেওঁ প্ৰকাশ কৰে যে তেওঁ যৌৱনকালত এবাৰ প্ৰেমত পৰিছিল কিন্তু সেই ছোৱালীজনীক বিয়া কৰাব পৰা নাছিল। ৰতন টাটাই লগতে কয় তাৰ পিছত তেওঁ টাটা গ্ৰুপক নতুন উচ্চতালৈ লৈ যোৱাৰ বাবে তেওঁৰ সময় আৰু শক্তি নিয়োজিত কৰাৰ সিদ্ধান্ত লৈছিল।

জানিব পৰা মতে, ৰতন টাটাই এগৰাকী মহিলাক লগ পাইছিল যেতিয়া তেওঁ সৰু আছিল আৰু লছ এঞ্জেলছত এটা স্থাপত্য প্ৰতিষ্ঠানত কাম কৰিছিল। টাটা মহিলাগৰাকীৰ প্ৰেমত পৰিছিল আৰু তাইৰ সৈতে বিবাহপাশত আৱদ্ধ হ'ব বুলি ভাবিছিল। কিন্তু তেতিয়া ৰতন টাটা কিছু সময়ৰ পৰা অসুস্থ হৈ থকা আইতাকৰ যত্ন ল'বলৈ ভাৰতলৈ উভতি আহিব লগা হৈছিল।

টাটাই ভাবিছিল যে তেওঁ মহিলাগৰাকীক তেওঁৰ সৈতে ভাৰতলৈ লৈ যাব কিন্তু ১৯৬২ চনৰ ভাৰত-চীন যুদ্ধৰ বাবে ছোৱালীগৰাকীৰ পিতৃ-মাতৃয়ে এই কথাটো পছন্দ কৰা নাছিল। আৰু এইটোৱে তেওঁলোকৰ সম্পৰ্কৰ সমাপ্তি ঘটাইছিল। ৰতন টাটাই কেতিয়াও মহিলাগৰাকীৰ পৰিচয় প্ৰকাশ কৰা নাছিল আৰু তেওঁ আন কাকো বিয়া কৰোৱা নিছিল।

ৰতন টাটা হৈছে ভাৰতৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্ম বিভূষণেৰে সন্মানিত ব্যক্তি আৰু তেওঁ টাটা গ্ৰুপৰ মুখ্য কাৰ্যবাহী পদৰ পৰা পদত্যাগ কৰাৰ পিছত বৰ্তমান অসংখ্য দাতব্য ন্যাসৰ নেতৃত্ব দি আছে।

Category
Profile picture for user UB Photos