
পুহমহীয়া শীতৰ প্ৰকোপত অসম।শীতৰ মাজতে মৰাণত প্ৰচণ্ড শিলাবৃষ্টি৷ মৰাণ আৰু ডিমৌৰ কাষৰীয়া ধেমেচী অঞ্চলত হোৱা প্ৰচণ্ড শিলাবৃষ্টিৰ ফলত সমগ্ৰ এলেকাটো বৰফৰ আচ্ছাদনৰ দৰে এক নান্দনিক পৰিৱেশৰ সৃষ্টি কৰিছে।অৱশ্য মৰাণৰ এই "বৰফ " হিমপাতৰ ফলত হোৱা বৰফ নহয়, এয়া শিলাবৃষ্টিহে৷

শিলাবৃষ্টিৰ পাছতেই প্ৰচণ্ড শীত নামিছে অঞ্চলটোত৷ শুকুলা দলিচাত পৰিণত হৈছে ডিমৌ-মৰাণৰ ৰাজপথ৷

মৰাণৰ বহু লোকে প্ৰকাশ কৰা মতে এয়া কাহানিও নেদেখা এক পৰিৱেশ৷
Category
- Log in to post comments